জয় ৰেছপি

পেডিয়াট্ৰিক হাপানী কি?1

হাপানী হৈছে হাওঁফাওঁৰ এটা দীৰ্ঘদিনীয়া ৰোগ। শেহতীয়া এটা অধ্যয়নত প্ৰকাশ পাইছে যে প্ৰতি 100 গৰাকী ভাৰতীয় শিশুৰ ভিতৰত প্ৰায় 8 গৰাকী শিশুৰ হাপানী আছে। ই সাধাৰণতে শৈশৱতে, 5 বছৰ বয়সৰ আগতেই আৰম্ভ হয় আৰু ই আপোনাৰ শিশুৰ শ্বাসনলীত প্ৰভাৱ পেলায়, যিবোৰ নলীৰ জৰিয়তে হাওঁফাওঁলৈ বায়ু চলাচল কৰে।

যেতিয়া আপোনাৰ শিশুৰ হাপানী হয়, তেতিয়া তেওঁলোকৰ শ্বাসনলী প্ৰদাহযুক্ত আৰু সংকীৰ্ণ হৈ পৰিব পাৰে। ইয়াৰ ফলত উশাহ লওঁতে সুঁহুৰিৰ দৰে শব্দ হোৱা, কাহ হোৱা আৰু বুকুত টান ভাব হোৱা হ’ব পাৰে। যেতিয়া এই লক্ষণসমূহ স্বাভাৱিকতকৈ অধিক বেয়া হয় তেতিয়া হাপানীৰ এটাক বা তীব্ৰতা বৃদ্ধি পায়।

পেডিয়াট্ৰিক হাপানীৰ প্ৰধান লক্ষণসমূহ3

এই দীৰ্ঘদিনীয়া শ্বসনজনিত সমস্যাৰ সঠিক সময়ত চিকিৎসা আৰু কাৰ্যকৰী পৰিচালনাৰ বাবে শিশুৰ ক্ষেত্ৰত হাপানীৰ লক্ষণসমূহ চিনাক্ত কৰাটো অতি প্ৰয়োজনীয়। হাপানীৰ লক্ষণসমূহৰ সঘনতা আৰু তীব্ৰতা ভিন্ন হ’ব পাৰে।

অভিভাৱকসকলে তলত উল্লেখ কৰা লক্ষণসমূহৰ প্ৰতি সতৰ্ক হোৱা উচিত:

উশাহ চুটি হোৱa

বিশেষকৈ নিশাৰ ভাগত বা ব্যায়াম/এলাৰ্জেনৰ সংস্পৰ্শলৈ আহিলে কাহ হোৱা

উশাহ লওঁতে সুঁহুৰিৰ দৰে শব্দ হোৱা

বুকুৰ টান ভাব বা চাপ অনুভৱ হোৱা

উশাহ চুটি হোৱa

বিশেষকৈ নিশাৰ ভাগত বা ব্যায়াম/এলাৰ্জেনৰ সংস্পৰ্শলৈ আহিলে কাহ হোৱা

হাঁপানি (এজমা)
ৰ প্ৰধান লক্ষণসমূহ

উশাহ লওঁতে সুঁহুৰিৰ দৰে শব্দ হোৱা

বুকুৰ টান ভাব বা চাপ অনুভৱ হোৱা

পেডিয়াট্ৰিক হাপানীৰ ট্ৰিগাৰসমূহ4

শিশুৰ হাপানী পৰিৱেশগত আৰু জিনীয় কাৰকৰ সংমিশ্ৰণৰ বাবে হয়। যদি আপোনাৰ শিশু কোনো হাপানী ট্ৰিগাৰৰ সংস্পৰ্শলৈ আহে তেন্তে হাপানী এটাক হ’ব পাৰে। বিভিন্ন ট্ৰিগাৰে বিভিন্ন প্ৰকাৰৰ হাপানীৰ সৃষ্টি কৰিব পাৰে।

তলত উল্লেখ কৰা ট্ৰিগাৰসমূহৰ বাবে হোৱা এলাৰ্জিক হাপানী

ধূলিৰ মকৰা

ঘাঁহ, গছ-গছনি আৰু বনৰ পৰা ওলোৱা পৰাগ ৰেণু

পোহনীয়া জন্তু

ভেঁকুৰ

পঁইতাচোৰা আৰু নিগনিৰ দৰে কীট-পতংগৰ আৱৰ্জনা

তলত উল্লেখ কৰা ট্ৰিগাৰসমূহৰ বাবে হোৱা নন-এলাৰ্জিক হাপানী

ঠাণ্ডা বতাহ উশাহত লোৱা

ঘৰুৱা ৰাসায়নিক পদাৰ্থ

চৰ্দি আৰু ফ্লুৰ দৰে সংক্ৰমণ

ঘৰৰ বাহিৰৰ বায়ু প্ৰদূষণ

ধঁপাতৰ ধোঁৱা

ব্যায়ামৰ বাবে হোৱা হাপানী

ৰোগ নিৰ্ণয়ৰ প্ৰকাৰসমূহ5, 6

প্ৰাৰম্ভিক মূল্যায়ন:

শাৰীৰিক পৰীক্ষা আৰু চিকিৎসাৰ ইতিহাস পৰ্যালোচনা। 

বুকুৰ এক্স-ৰে’:

হাওঁফাওঁত প্ৰভাৱ পেলোৱা অন্যান্য সম্ভাৱনাক বাদ দিবলৈ।

লাং ফাংচন টেষ্ট (স্পাইৰ’মেট্ৰী, অচ্চিল’মেট্ৰী, ফীন’):

হাওঁফাওঁৰ কাৰ্যক্ষমতা আৰু শ্বাসনলীৰ প্ৰদাহ বা সংকীৰ্ণতা বুজিবলৈ

পিক ফ্ল’ টেষ্ট: 

শিশুটিয়ে কিমান জোৰেৰে নিশাহ এৰিব পাৰে তাক জোখে, ই শ্বাসনলীৰ সংকীৰ্ণতা সূচায়।

এলাৰ্জি স্কিন প্ৰিক টেষ্ট (SPT) বা তেজৰ পৰীক্ষা:

যদি ট্ৰিগাৰ হিচাপে এলাৰ্জিৰ সন্দেহ কৰা হয়।

হাপানীৰ ঔষধৰ পৰীক্ষামূলক ব্যৱহাৰ:

হাওঁফাওঁৰ কাৰ্যক্ষমতা পৰীক্ষা কৰিব নোৱাৰা সৰু শিশুৰ বাবে। 

তথ্যসূত্ৰ:

১. https://medlineplus.gov/asthmainchildren.html-ত উপলব্ধ; ০৪/০৭/২০২৪ তাৰিখে চোৱা হৈছে।. 
২. ডেনিয়েল, আৰ. এ., আগৰৱাল, পি., কালৈৱানী, এম., আৰু গুপ্তা, এছ. কে. (২০২২). ভাৰতত শিশুসকলৰ মাজত হাঁপানিৰ প্ৰাদুৰ্ভাৱ: এক পদ্ধতিগত সমীক্ষা আৰু মেটা-বিশ্লেষণ। লং ইণ্ডিয়া, ৩৯(৪), ৩৫৭-৩৬৭।. 
৩.https://www.mayoclinic.org/diseases-conditions/childhood-asthma/symptoms-causes/syc-20351507-ত উপলব্ধ; ০৪/০৭/২০২৪ তাৰিখে অভিগম্য কৰা হৈছে।. 
৪. https://medlineplus.gov/asthma.html-ত উপলব্ধ; ০৪/০৭/২০২৪ তাৰিখে চোৱা হৈছে।. 
৫. https://www.mayoclinic.org/diseases-conditions/childhood-asthma/diagnosis-treatment /drc-20351513-ত উপলব্ধ; ০৪/০৭/২০২৪ তাৰিখে চোৱা হৈছে।. 
৬. https://my.clevelandclinic.org/health/diseases/6776-asthma-in-children-ত উপলব্ধ; ০৪/০৭/২০২৪ তাৰিখে চোৱা হৈছে।.

শীৰ্ষলৈ যাওক